Showing posts from June, 2025Show all
প্ৰসংগ-NRC ,বিদেশী বহিস্কাৰ প্ৰক্ৰিয়া।  শেহতীয়াকৈ অসমত বিদেশীৰ নামত স্বদেশী সংখ্যালঘু মুছলমানক যি অত্যাচাৰ কৰি আছে তাক আমছুয়ে তীব্ৰ বিৰোধ কৰি গৰিহণা দিয়ে। আমছুৰ স্থিতি স্পষ্ট ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগৰ বৈধ নথি থকা প্ৰতিজন নাগৰিক সুৰক্ষিত থাকিব লাগিব আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছৰ প্ৰতিজন বিদেশী অসম এৰিব লাগিব। এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিষয়টো বুমেৰাং কৰিব কাৰণে অসমৰ ৰাইজক আভুৱা ভৰি মিছা কথা কৈ বিপথে পৰিচালিত কৰি আছে। নাগৰিকত্ব আইন আৰু বিদেশী আইনক একাকাৰ কৰি মূখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পবিত্ৰ বিধানসভাৰ মজিয়াত আৰু সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰি মিছাৰ আশ্ৰয় লৈছে। নাগৰিকত্ব আইন আৰু বিদেশী আইন সম্পূৰ্ণ দুখন পৃথক আইন। দেশৰ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ আৰু নিৰিক্ষণত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাম চলি আছে যত নেকি মূখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ কৰিব নোৱাৰিব। ইতিমধ্যে  যি সকল লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱা নাই তেনে লোকক কোনো ধৰণৰ হাৰা-শাস্তি কৰিব নোৱাৰিব বুলি ইতিপূৰ্বে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় আৰু বিদেশ মন্ত্ৰালয়ে সংবাদমেলৰ জড়িয়তে ৰাজহুৱা কৰিছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত হোৱা বা নোহোৱা কোনো ব্যক্তিক কোনোধৰণৰ হাৰা-শাস্তি দিয়া নহব বুলি ভাৰত চৰকাৰৰ বৈদেশিক সচিব গৰাকীয়ে ৰাষ্ট্ৰ সংঘত এন আৰ চি সপক্ষে যুক্তি দাঙি ধৰি ভাৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা কথাৰ আলম লৈ অসমখন অস্থিৰ পৰিবেশ সৃষ্টি কৰিব কাৰণে যি অপচেষ্টা চলাইছে তেনে সকলো কথা সামৰি লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত সকলো নাগৰিকক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান আৰু যি সকল মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা নাই তেনে লোকক Rejection Order দি আপিল প্ৰক্ৰিয়া আৰম্ভ কৰিব কাৰণে  আমছু আৰু জমিয়তৰ ফালৰ পৰা ভাৰতৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া, ভাৰতৰ গৃহ সচিব ডাঙৰীয়া, ভাৰতবৰ্ষ অতিৰিক্ত গৃহ সচিব (উত্তৰ-পূৱ) ডাঙৰীয়া আৰু ভাৰতবৰ্ষ মহা পঞ্চীয়ক ডাঙৰীয়াক স্মাৰকপত্ৰ প্ৰদান কৰো। আমছুৰ প্ৰতিনিধি দলে সমগ্ৰ বিষয়টো আইনী ভাবেও আগবঢ়াই নিবলৈ উচ্চতম ন্যায়ালয়ৰ এডভোকেট -অন-ৰেকৰ্ড ফুজাইল আহমদ আয়ুবী ডাঙৰীয়াৰ লগত আলোচনা মিলিত হও।  আমছু আৰু মাননীয় মৌলনা মুস্তাক আনফৰ নেতৃত্ত্বাধীন অসম ৰাজ্যিক জমিয়তৰ হৈ ২০১২ চনৰ পৰা উচ্চতম ন্যায়ালয়ত আইনী যুজ চলোৱা জেষ্ঠ অধিবক্তা সকলোৰ মতামত ও আইনী পৰমাৰ্শ মতে পৰৱৰ্তী আইনী পদক্ষেপ গ্ৰহন কৰা হব। ইয়াৰ উপৰিও সমগ্ৰ বিষয়বোৰ বিস্তাৰিত আলোচনা কৰাৰ্থে আজি পুৱাৰ ভাগত জমিয়ত উলামা-ঈ-হিন্দৰ কেন্দ্ৰীয় সভাপতি মাননীয় ছৈয়দ মৌলানা আৰ্চাদ মাদানী চাহাবৰ লগতো আলোচনাত মিলিত হও।  দিল্লীৰ কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ, সাধাৰণ সম্পাদকদ্বয় মিন্নাতুল ইছলাম ডাঙৰীয়া আৰু কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়া লগতে সহকাৰী সাধাৰণ সম্পাদক আব্দুল জুব্বাৰ আলি । ৰেজাউল কৰিম চৰকাৰ, সভাপতি, আমছু ১৪/০৬/২০২৫
That is All